JADAV PAYENG ,FOREST MAN OF INDIA ,FOREST MAN . assam যাদৱ পায়েঙ , অৰণ্য মানৱৰ জীৱন কাহিনী
Information sources: #Internet
প্ৰতিভাৰ উৎসঃ কিতাপ
Padma Shri Jadav Molai Payeng (born 1963) is a Mishing tribe environmental activist and forestry worker from Jorhat, India. Over the course of several decades, he planted and tended trees on a sandbar of the river Brahmaputra turning it into a forest reserve. The forest, called Molai forest after him, is located near Kokilamukh of Jorhat, Assam, India and encompasses an area of about 1,360 acres / 550 hectares. In 2015, he was honoured with Padma Shri, the fourth highest civilian award in India.
যাদৱ পায়েং এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে। ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ৷ ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল- অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ, মজ, শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেকিয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান। শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে৷তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
উৎসঃ ৱিকিপেডিয়া